আচলতে মোৰ ঘৰ কোনখন আই ??
পিতাইৰ ঘৰ এৰোঁতে তই কৈছিলি
"দোলাত পঠাইছো চাবি আইজনী...
চাৰি কান্ধত উঠিহে সেইখন ঘৰৰ পৰা ওলাবি"...
পতিয়ে কয় ,এইখন তোৰ ঘৰ নহয় ওলাই যা এতিয়াই...
কি লৈ আহিছিলি লগত
বাপেৰে যৌতুকত ঘৰ দি থোৱা নাই...
আই, ঘৰ নাই বাবেই চাগে আজি মোৰ সন্মানো নাই...
প্ৰতিদিন তেওঁ ছটিওৱা পানীত তিতি তিতি হৃদয়খন মোৰ জেকাহৈ গৈছে আই... অকথ্যত জুৰুলি জুপুৰিহৈ মই নোৱাৰিম একেখন কাঁহিতে ভাত খাই থাকিবলৈ...
আই,মই নোৱাৰিম চাগে নীৰৱে শুনি, সহি যাবলৈ...
মইতো নহয় বসুমতি আই ??
কাৰো মদনশৰত ধাৰাশায়ীহৈ কৃষ্ণচূড়াৰ ৰঙাবোৰৰ প্ৰেয়সী হোৱা নাছিলোঁ...
ফুটুকী ৰঙা চোলাটো লাগে বুলি পিতাইক ঠেহ ধৰা দিনত
গোটেই হাট-বজাৰ চলাথ কৰিছিল পিতায়ে তইয়ো জান আই...
তেওঁ অপবাদ যাঁচি মোক ঘৰখনৰ পৰা আঁতৰাই পঠাব বিচাৰে...
ৰজনীগন্ধা মৰহিলে দলিয়াই দি নতুন ফুলেৰে ঘৰ সজোৱাটো স্বাভাৱিক...
কিন্তু আই তই কৈছিলি কন্যা পূজাৰ পুষ্প....
নিৰ্ম্মালিক অনাদৰ, অৱহেলা ভগৱানেও নকৰে সহ্য...
তেনেহলে মই কিয় কৰিম আই ??
নিজে কান্দি তেওঁৰ ওঁঠত হাঁহি দিওঁ...
তেওঁ কয়,
মই হেনো খিকিন্দালি মাৰি ভালপোৱা নষ্ট দুহিতা...
সকলো ত্যাগী তেওঁক সুখী কৰাৰ চেষ্টা কৰো ,
তেওঁ কয় স্বাৰ্থপৰতা ...
তেওঁৰ জীৱন বচাবলৈ পদূলিৰ বাহিৰত ভৰি থৈছিলো আই...
তেওঁ নাম দিলে বেশ্যা...
চিঞৰি চিঞৰি দ্বিচাৰিণী সজাবলৈ চেষ্টা কৰিলে মই পঙ্কিল পুখুৰীটোত কেনেকৈ জাপ দিও আই ??
তইতো জান বোকালৈ মোৰ কিমান ঘিণ লাগে...
আজি মই কাৰো কথা নুশুনো কাৰো কথা নামনো আৰু আই...
মই দৃঢ় প্ৰতিজ্ঞ আজি অন্যায় সহ্য নকৰোঁ...
মই যুজঁ দিম সময়ৰ লগত অকলে...
অনাস্থা সম্বন্ধৰ লগ এৰি অন্ধকাৰ পৃথিৱীখনৰ পৰা মই ওলাই যাম...
এটা নিজস্ব পৰিচয়ৰ সন্ধানত আই...
যত উদয় হ'ব মোৰ বাবে নিতৌ এটি সেউজীয়া সূৰুয।।
Copied