মঙ্গলবার, ৯ জুন, ২০২০

এজন পুৰুষৰ জীৱনটো কি?

 এজন পুৰুষৰ জীৱনটো কি?


ফেচবুক বা বিভিন্ন সামাজিক মাধ্যমত নাৰীক লৈ লিখা পোষ্ট প্ৰায় পঢ়িবলৈ পাওঁ।  পুৰুষৰ কথা সাধাৰণতে বেছি লিখা নহয়। সেয়ে আজি এই পোষ্টটো শ্বেয়াৰ কৰিলো। ছোৱালী, বোৱাৰী (মহিলা)সকলে মনযোগ দি পঢ়ি চাবছোন—
☞ এজন পুৰুষৰ জীৱনটো কি.?
                    আচলতে পুৰুষ হৈছে ভগৱানে সৃষ্টি কৰা এনেকুৱা এটা জীৱ,  যি কেৱল ত্যাগ আৰু বুজাবুজিৰেই জীৱনটো চলিব লাগে।
‌যি আনৰ দায়িত্ব লৈ লৈ পাহৰি যায় যে নিজৰো এটা জীৱন আছে।
‌সৰুতেই চকলেটটো ত্যাগ কৰে ভনিয়েকৰ বাবে।
‌নিজৰ সপোনবোৰ ত্যাগ কৰে মাক-দেউতাকৰ সুখৰ বাবে।
‌নিজৰ মানিবেগটো খালী কৰি বজাৰ কৰে কেৱল প্ৰেমিকাক সন্তুষ্ট কৰিবৰ বাবে।
‌গোটেই জীৱন উপাৰ্জন কৰে কেৱল পত্নী আৰু সন্তানৰ সুখৰ বাবে।
‌বেঙ্কৰ পৰা ঋণ লয় নিজৰ পৰিয়ালটোৰ সুখৰ বাবে,  কিন্তু সেই ঋণ ঘুৰাওতেই পাৰ হয় গোটেই জীৱন।
‌তাৰ উপৰিও তেওঁ নিজৰ পত্নী, মাক আৰু অফিচৰ বচৰ পৰা গালিবোৰ আছেই।
‌ইফালে গোটেই জীৱনটো পত্নী,  মাক,  শাহু আৰু অফিচৰ বচ্। এই সকলে নিজৰ মুঠিত ৰাখিবলৈ চেষ্টা কৰে।
                     মুঠতে গোটেই জীৱনটো আনৰ বাবেই ত্যাগ কৰোতে যায়।
এতিয়া অন্য এক দৃষ্টিৰে পুৰুষ কি শুনক —
🔹পত্নীৰ পৰা মাৰ খালে কয় — "কাপুৰুষ"।
🔹পত্নীক যদি বেলেগ পুৰুষৰ লগত ঘুৰা দেখি কিবা এটা কোৱা হয়, তেতিয়া কয় — "সন্দেহবাদী"।
🔹একো নকলে কয় — "ভয়াতুৰ"।
আকৌ যদি ...…
🔹ঘৰৰ বাহিৰত দেৰিলৈকে থাকিলে কয় — "ধিতিঙালি কোবাই ফুৰা"।
🔹যদি ঘৰতে সোমাই থাকে কয় — "ঘৰ গোনা"।
🔹ল'ৰা ছোৱালীক শাসন কৰি খং কৰিলে কয় — "বৰ মতা"।
🔹শাসন নকৰিলে কয় — "গুৰুত্ব নিদিয়া"।
🔹যদি পত্নীক চাকৰি কৰিবলৈ বাধা দিয়া হয় তেতিয়া কয় — "ঠেক মগজুৰ"।
🔹ইফালে চাকৰি কৰিবলৈ দিলে কয় — "মাইকীৰ টকাৰে চলা"।
🔹কেনেবাকৈ পত্নীৰ মাকৰ কথাত চলিলে কয় — "চমচাগিৰি"।
🔹পত্নীৰ কথাত চলিলে কয় — "তিৰোতা সেৰুৱা"।
                    তথাপিও গোটেই জীৱনটো বুজাবুজি, ত্যাগ সংঘৰ্ষৰ মাজেৰেই পাৰ কৰা পিছতো নিজৰ বাবে একো নিবিচাৰে এজন পুৰুষে।
বিচাৰে মাথো পৰিয়ালৰ পৰা এটি মিঠা হাঁহি আৰু এটি মিঠা মাত।
সেইবাবেই পুৰুষক সদায়ে সন্মান কৰিব লাগে।
এজন পুৰুষ কাৰোবাৰ পুত্ৰ, কৰোবাৰ ককাই, কাৰোবাৰ ভাই, কৰোবাৰ প্ৰেমিক, কৰোবাৰ জোৱাই বা কৰোবাৰ দেউতাক হব পাৰে।
কিন্তু তেওঁৰ জীৱনটো সদায় এটা সংঘৰ্ষৰে জৰ্জৰিত।
—————————————
এগৰাকী নাৰীৰ বিষয়ে লিখিলে সকলোৱে আৱেগিক হৈ পোষ্ট শ্বেয়াৰ কৰে। এতিয়া এজন পুৰুষ প্ৰতি সন্মান জনাই এই পোষ্টটো কিমান শ্বেয়াৰ হয় চাওঁচোন।

Please visit my YouTube channel. "Brain Power8"
#brainpower8
Facebook page: Brain power8
Website:www.brainpower8.com

কোন মন্তব্য নেই:

একটি মন্তব্য পোস্ট করুন

Which is actually my house? Married Woman story. আচলতে মোৰ ঘৰ কোনখন আই ??

 আচলতে মোৰ ঘৰ কোনখন আই ?? পিতাইৰ ঘৰ এৰোঁতে তই কৈছিলি "দোলাত পঠাইছো চাবি আইজনী... চাৰি কান্ধত উঠিহে সেইখন ঘৰৰ পৰা ওলাবি"... পতিয়ে ক...