বুধবার, ৩ জুন, ২০২০

Break up Love story

           Break up Love story

তোমাক এনেকৈ সাৱতি ধৰাৰ কাৰণে হ'লেও সদায়ে এবাৰ কৰি ব্রেকাপ কৰিব লাগিব!ব্রেকাপৰ দুদিন পাছত সি গৈ হঠাৎ তাইক জোৰ কৰি সাৱতি  ধৰিলে...!

তাই চমক খাই উঠি পিছলৈ চাই  দেখিলে ল'ৰাটোৱে তাইক ধৰি আছে...! তাই অবাক হয় গ'ল...!
YouTube link:
https://www.youtube.com/channel/UCqrwnaPIOQflfjc6rUW9hrQ

যিতো ল'ৰাই ৰিলেশ্বন থকা অৱস্থাত তাইৰ হাতত ধৰিবলৈ গলে ভয়ত  হাত কঁপে...! সেই ল'ৰাটোৱে তাইক শক্ত কৰি সাৱতি ধৰিছে, তাকো আকৌ  ব্রেকাপৰ পাছত...!

ছোৱালীজনীয়ে নিজকে তাৰ পৰা এৰাই নি
চকু মুখ কঠোৰ কৰি কলে...!

ছোৱালীঃ কি হৈছে এই বিলাক...?

ল'ৰাঃ সৰল ভাবে উত্তৰ দিলে, ভাল পাওঁ সেয়ে তো...!

ছোৱালীঃ খঙত কলে, খবৰদাৰ বদমাচ ল'ৰা, মোৰ কাষলৈ বদমাচি  কৰিব নাহিবা ...!

ল'ৰাঃ এইবাৰ আৰু সৰল ভাবে কলে, ভালপাওঁ, বদমাচি কৰিম কিয় ...!

ছোৱালীঃ আৰু  অলপ খঙত কলে, কাক  ভাল পোৱা হা?‌‌ ব্রেকাপ হোৱা পাছত কি ভালপোৱা থাকিব পাৰে নেকি হা...! তোমাৰ নিচিনা বদ অভ্যাসৰ ল'ৰা মই আৰু অলপো ভাল নাপাও । তোমাৰ  মোৰ কোনো সম্পর্ক নাই...!

ছোলালীজনীৰ খং  দেখি ল'ৰাটোৱে ভয়তে
মিনমিন কৰি কলে...

ল'ৰাঃ এহ্ কলেই হ'ল আৰু ভাল নাপাওঁ ..!ভালপোৱা কি ইমান সস্থা নেকি যে ব্রেকআপ কলেই  শেষ  হৈ যাব...!

ল'ৰাটোৰ মিনমিন কথা শুনি তাই চকু ৰঙা কৰি কলে...

ছোৱালীঃ কি কৈছা তুমি...?

ল'ৰাঃ নাই মানে কৈছিলো কি ব্রেকআপ তো তুমি কৰিছা, সেয়ে মোৰ কাৰণে তোমাৰ মনত কোনো ভালপোৱা নাই...! কেৱল খং আছে...! তেন্তে মোৰ বৰ বেছি  এটা সমস্যা নহব...! মোৰ মনত যি পৰিমানৰ ভালপোৱা  আছে সেইটো তোমাৰ খঙৰ লগত পাল্লা দি সুন্দৰ কৰি চলি যাব দুইজনৰ...! খং অভিমান ভাল পোৱা হব আমাৰ...!

ল'ৰাটোৰ কথা শুনি ছোৱালীজনী খং অলপ কমি যায়...!

(এই পাগল ল'ৰাটোক যি খং কৰিলে  কি পৰিমানৰ ভাল পাই তাই..! সেইটো কোনো দিনেও পাগল ল'ৰাটোক বুজিব নিদিয়ে তাই...এইটো ডাঙৰ সমস্যা!)

ছোৱালীঃ পুনৰ উচ্ছ কণ্ঠত কলে, খবৰদাৰ মোৰ আশে পাশে ঘুৰি নাহিবা ! তোমাৰ লগত যি  আছিল সব শেষ! এতিয়া ধনি ঘৰৰ ল'ৰা এটা  কিছু দিন ধৰি মোৰ পিছত ঘুৰিছে! সিদিনা  তো প্রোপজো কৰিছে! ভাৱি আছো আৰু আজি
প্রোপজেলটো এক্সেপ্ট কৰিম...!

তাইৰ কথা শুনি ল'ৰাটোৰ চেহেৰাত কষ্টৰ এক ছাপ ফুটি উঠিল! চকু দুটা ছল ছল হৈ উঠিল!
অসহায় দৃষ্টিয়ে তাইৰ ফালে চাই থাকিল!
ছোৱালীজনীয়ে খুব ভালকৈ বুজিব পাৰিছে
তাইৰ কোৱা মিচা কথাটোৱে ল'ৰাটোৰ ভিতৰত  আঘাত কৰিছে...!

ছোৱালীজনীৰ ভীষন মায়া হয়, চকু পানী ওলাই আহিল! অনেক কষ্টত চকু পানী চেপি ল'ৰাটোলৈ  চাই থাকিল...!

ল'ৰাঃ  এটা হাঁহি মাৰি কলে, সেইটো তো বহুত  সময় আগৰে কথা..! এই কেইদিনত নহয়...!
উহু মোক তোমাৰ ভালপোৱা দিব নালাগে...!
কেৱল তোমাক ভালপাবলৈ বাধা নিদিবা না প্লিজ...!

তুমি যেতিয়া ভালপাই সেই ল'ৰাটোৰ হাতত ধৰিবা, তেতিয়া মই লাহেকৈ হাৰি  যাম...!
আৰু কোনোদিনেই তোমাৰ কাষলৈ নাহিম...!

ল'ৰাটোৰ কথা শুনি তাই আৰু চকুলো চেপি ৰাখিব নোৱাৰিলে...! উচুপি কান্দি দিলে...!

ছোৱালীঃ হাতৰ আঙুলি দেখুৱাই তাক কলে, আৰু কোনোবা দিনা যদি মোক কষ্ট দিয়া
বদমাচ ল'ৰা চাই লবা তোমাক মই কি কৰিম...!

তাইৰ কথা শুনি সি সেমেকা চকুৱে তাইক চাই থাকে...!

ছোৱালীঃ ধমক দি কলে, চাই আছা কিয়? সাৱতি ধৰা আগতকৈও বেছি শক্ত কৰি...!

তাইৰ কথা শুনি পাগল ল'ৰাটোৱে লাজত মূৰ তললৈ কৰি থাকে...!

ছোৱালীঃ  চকু মচি মচি কলে, কি হল ধৰা নাই কিয়...?

ল'ৰাঃ লাহেকৈ  কলে, মোৰ  ভীষন লাজ লাগিছে...!

ছোৱালীঃ চকু ৰঙাকৰি কলে, তেতিয়া ধৰিলা কেনেকৈ ...?

ল'ৰাঃ তেতিয়া তো তোমাক হেৰুৱাৰ ভয়টে ইমান তীব্র আছিলো, যি লজ্জা ভয় কোনোটোৱেই কাম কৰা নাছিল..!

ল'ৰাৰ কথা শুনি তাইৰ চকু আকৌ সেমেকি  উঠিল...!

ছোৱালীঃ সেমেকা চকুৰে  ল'ৰাটোৰ কলাৰত চেপি কলে, এতিয়া যদি তুমি মোক  সাৱতি নধৰা, চিৰদিনৰ কাৰণে ব্রেকাপ কৰি গুচি যাম...!

ল'ৰাঃ চিৎকাৰ কৰি কলে, এই নহয় নহয় ধৰিলো ধৰিলো  সাৱতি..! তাইক খুব শক্ত কৰি সাৱতি ধৰিলে...! আৰু

ছোৱালীঃ তাই তাৰ বুকত  মুখ লুকুৱাই মনে মনে কলে, তোমাক এনেকৈ সাৱতি ধৰাৰ কাৰণে হলেও সদায়ে এবাৰ কৰি ব্রেকাপ কৰিব লাগিব  বদমাচ ল'ৰা..... 🌹🌹🌹
My Facebook page: :"Brain Power8"

কোন মন্তব্য নেই:

একটি মন্তব্য পোস্ট করুন

Which is actually my house? Married Woman story. আচলতে মোৰ ঘৰ কোনখন আই ??

 আচলতে মোৰ ঘৰ কোনখন আই ?? পিতাইৰ ঘৰ এৰোঁতে তই কৈছিলি "দোলাত পঠাইছো চাবি আইজনী... চাৰি কান্ধত উঠিহে সেইখন ঘৰৰ পৰা ওলাবি"... পতিয়ে ক...