বুধবার, ২০ মে, ২০২০

ভোকতকৈ মৃত্যু ডাঙৰ নহয়

ভোকতকৈ মৃত্যু ডাঙৰ নহয়


কোনেনো জানিছিল
এদিন হাহাকাৰ কৰি উঠিব থমথম বতাহ
কোনেনো ভাবিছিল
এদিন মৃত্যু ভয়ক পৰাভূত কৰিব ভোকে

সন্ধিয়াৰ আড্ডাবোৰত কেতিয়াবা পাতিছিলো নে
এদিন এখন দেশ দেশান্তৰিত হ'ব পদব্ৰজে
এসাজ ভাতৰ দামত
এখন ছালিৰ নামত
এদিন দেশ এখন জাহ যাব পেটৰ জুইত
এদিন তেজৰ চেকুৰাৰে নিদাৰুণ হ'ব ৰাজপথ

আপুনি অথবা মই কোনেনো জানিছিলো
দেশৰ ভিতৰতে আছে ইমান দেশ
পেটৰ ভিতৰত আছে ইমান ভোক

প্ৰাতঃভ্ৰমণৰ পথত আমি যে পাতিছিলো   আলি কেকুৰীৰ হাবিখনতেই গজি উঠিব
গগনচুম্বী ইমাৰতৰ পৃথিৱী
মসৃণ হ'ব বাট পথ
মসৃণ হ'ব জীৱন
আপুনি অথবা মই উমানেই পোৱা নাছিলো
নোমলৰ নুমলীয়া পোৱে
সাগৰ দেখা মুলুকত ঘাম বেচে
আজি দেখোন সমুখত আমাৰ  পাৰাপাৰহীন খলাবমা

জানিছিল নে আপুনি
যি বাটে নতুন গতিৰ তীব্ৰ নিৰ্মাণ
সেই বাটে ছ্যুটকেচৰ গাড়ীত টোপনি যায় ঘৰ্মাক্ত শৈশৱ
যি বাটে ঝক ঝক ধাতব দ্ৰুতিৰ ৰুটীৰ সন্ধান
সেই বাটে টোপনি যায় ক্ষত বিক্ষত ৰুটীৰ তেজ
জানিছিল নে আপুনি
যি বাটে বৰ্ণময় সপোনৰ সূৰ্যোদয়
সেই বাট হ'ব পাৰে লেবাৰ ৰুমৰ বিভৎস চিৎকাৰ

জনাৰ সম্ভাৱনা আছিল নে আপোনাৰ
উৎসৱমূখৰ এখন পৃথিৱীৰ অগোচৰে
কেনেদৰে লুকাই আছিল ইমান যন্ত্ৰণা
কেনেদৰে হৈ আহিছিল মৃত্যু ইমান সহজ
কেনেদৰে
কেনেদৰে
জানিছিল নে আপুনি  .....



...........কুশল ডেকা

Search on YouTube: "Brain Power8" and subscribed my channel
Or
YouTube link
https://www.youtube.com/channel/UCqrwnaPIOQflfjc6rUW9hrQ

Facebook page Link

https://www.facebook.com/Rahinur88/

"Suwali potabo pora nai" video
https://youtu.be/d_dtu5YiYDo

Love Sex
https://brainpower8.blogspot.com/2020/04/love-sex.html

1 টি মন্তব্য:

Which is actually my house? Married Woman story. আচলতে মোৰ ঘৰ কোনখন আই ??

 আচলতে মোৰ ঘৰ কোনখন আই ?? পিতাইৰ ঘৰ এৰোঁতে তই কৈছিলি "দোলাত পঠাইছো চাবি আইজনী... চাৰি কান্ধত উঠিহে সেইখন ঘৰৰ পৰা ওলাবি"... পতিয়ে ক...