বুধবার, ২০ মে, ২০২০

Superstar Hero Alom, ৰ বিষয়ে কিছু নজনা কথা

Hero Alom.  হিৰো আলম Superstar

বাংলাদেশৰ হিৰো আলম। যাক লৈ অসমৰ প্ৰায় মানুহে তুচ্ছ তাচ্ছিল্ল্য কৰে আৰু তেওঁক লৈ হাঁহে। কিন্তু এই সাধাৰণ চেহেৰাৰ অসাধাৰণ মানুহজনৰ বিষয়ে বহুতে হয়তো ভালকৈ নাজানে। ইতিমধ্যে তেওঁৰ আত্মজীৱনীও প্ৰকাশ হৈ গল। দুদিন আগৰ পৰা আৰম্ভ হোৱা বাংলাদেশৰ জাতীয় গ্ৰন্থমেলাত তেওঁৰ আত্মজীৱনী "দৃষ্টিভঙ্গি বদলান, আমরা সমাজকে বদলে দেবো।" গ্ৰন্থখন সৰ্বাধিক বিক্ৰী হৈছে। আজি এই পোষ্টটোত তেওঁৰ আত্মজীৱনীত প্ৰকাশ পোৱা কেইটামান বাক্য উল্লেখ কৰিছো। যি নেকি, আপোনাৰো মন আৰু চিন্তা সলনি কৰি দিব।
My YouTube channel '""Brain power8"'" please subscribed YouTube channel link
https://www.youtube.com/channel/UCqrwnaPIOQflfjc6rUW9hrQ
My Facebook page Link
https://www.facebook.com/Rahinur88/


◾হিৰো আলমৰ বিষয়ে চমুকৈ —

                    হিৰো আলমৰ সম্পূৰ্ণ নাম আশ্ৰাফুল আলম। বাংলাদেশৰ বগ্ৰা জিলাৰ ইলোৰিয়া গাঁৱৰ অত্যন্ত দৰিদ্ৰ পৰিয়ালত তেওঁৰ জন্ম হৈছিল। হিৰো আলমৰ দেউতাক এজন চানা বেপাৰী আছিল। এটা সময়ত হিৰো আলমেও চানা বিক্ৰী কৰিছিল যদিও এতিয়া তেওঁ বাংলাদেশৰ এগৰাকী জনপ্ৰিয় ইউটিউবাৰ, চিনেমাৰ নায়ক আৰু চেলিব্ৰেটি ৷ তেনেই সাধাৰণ চেহেৰাৰ আৰু সাধাৰণ জীৱন এটাৰ পৰা অসাধাৰণ ৰূপত ২০১৮ চনৰ বাংলাদেশৰ সাধাৰণ নিৰ্বাচনত ৰাইজৰ প্ৰাৰ্থী ৰূপে বিনাপ্ৰতিদণ্ডিতাত তেওঁ নিৰ্বাচনত নামে । বাংলাদেশৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী বেগম খালেদা জিয়া আৰু বৰ্তমানৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ পিছতেই ২০১৮ চনৰ আটাইতকৈ প্ৰভাৱশালী ব্যক্তি আৰু গুগল চাৰ্চত তেওঁ স্থান লাভ কৰে ৷ বাংলাদেশ নেশ্বনেল পাৰ্টিৰ বাবে নিৰ্বাচনত মূৰ কামোৰণি হৈ উঠা হিৰো আলমে মাত্ৰ ৬৩৮ টা ভোটত তেওঁৰ প্ৰতিদণ্ডী তথা বাংলাদেশ নেশ্বনেল পাৰ্টিৰ প্ৰাৰ্থী মোছাৰফ হুছেইনৰ হাতত পৰাজিত হয় কিন্তু পৰাজিত হৈয়ো জয়ী হৈছিল হিৰো আলম কাৰণ এই নিৰ্বাচনত তেওঁৰ হৈ স্বত:স্ফূৰ্ত ভাবে ৰাইজে প্ৰচাৰ চলাইছিল।

                     হিৰো আলমৰ আত্মজীৱনীত প্ৰকাশ কৰা কেইটামান কথা এই লেখাটোত উল্লেখ কৰিলোঁ। এবাৰ পঢ়ি চাব। আপোনাৰো মন সলনি কৰি দিব পাৰে।

"বিখ্যাত হব বিছৰা নাই। দৃষ্টিভংগী সলনি কৰিব বিচাৰো।"— হিৰো আলম।

১৷ আপোনালোক শিক্ষিত মানুহ কাগজে কলমে। কিন্তু মনুষ্যত্বৰ শিক্ষাৰে শিক্ষিত লোক সকলৰ মাজত তেনেকুৱা বিশেষ এটা দেখা নাযায় ৷৷

২৷ মই অশিক্ষিত, ঠাট্টা মস্কৰা আৰু লাঠি গোৰ খাইয়ো জীয়াই আছো কিন্তু আপোনালোক শিক্ষিত সকলে কিয় আত্মহত্যা কৰে সামান্য কথাতে..?

৩৷ মোৰ চেহেৰাটোৰ কথা কিনো কম..? ঈশ্বৰে আপোনাক যেনেদৰে স্ৰজিছে মোকো তেনেদৰেই স্ৰজিছে। মইতো নিজে সৃষ্টি কৰা নাই এই চেহেৰা আৰু সলনি কৰিবলৈকো আগ্ৰহী মই নহয়।  কাৰণ মই সুখী ঈশ্বৰৰ সৃষ্টিক লৈ ৷৷

৪৷ জীৱনৰ সকলো ব্যৱসায় টকাৰেই কৰিছো কিন্তু বাংলাদেশৰ  নিৰ্বাচনত মই বিনা পইছাৰে প্ৰতিদণ্ডিতা কৰিবলৈ সক্ষম হৈছো ৷৷

৫৷ শিক্ষিত সকলে মোক লৈ ঠাট্টা মস্কৰা কৰে, মোৰ দৰে অশিক্ষিত হ'লে আপোনালোকে ৰিক্সা চলালে হেতেন বাংলাদেশৰ ৰাজপথত ৷৷ মইচোন কুৰূপ চেহেৰাটোৰেই ৰূপালী পৰ্দালৈ আহি পালো, আপোনালোকৰ সুন্দৰ চেহেৰাটোৰে কেবল আত্ম-অহংকাৰ আৰু আনক ঠাট্টা কৰিবলৈ শিকিলে কিন্তু আত্ম পৰিচয়ৰ কথা পাহৰিলে ৷৷

৬৷ মোক ভালপোৱা লোক সকলক এবাৰ ধন্যবাদ দিলেও মোক সমালোচনা কৰা সকলক দুবাৰ ধন্যবাদ দিওঁ মই ৷৷ কাৰণ মোক সমালোচনা কৰিবলৈ আপোনালোকে ৰাতি নিদ্ৰাৰ আগত আৰু ৰাতিপূৱা শুই উঠিয়েই মোৰ ভিডিঅ'বোৰ যথেষ্ট ধৈৰ্য্য আৰু নিখুত ভাবে চাই আপোনালোকে।

৭৷ ডাঙৰ ডাঙৰ শিক্ষাগত অৰ্হতাধাৰী সকল ভীষণ ভয়াতুৰ মানুহ এই পৃথিবীৰ ৷৷ নিজেও একো কৰিব নোৱাৰে আৰু আনে কিবা কৰিলে ভয়ংকৰ নিৰাপত্তাহীনতাত ভোগে ৷৷

৮৷ মই পৰিত্যক্ত সন্তান আছিলো পদপথত চানাচুৰ বিক্ৰি কৰি, চিডি কেচেট, কেবলৰ তাঁৰ টনা কাম কৰি পিছলৈ মিউজিক ভিডিঅ বনাই নিজৰ লগতে দহ পোন্ধৰজন মানুহৰ দায়িত্ব লব পাৰিছো ৷৷ আপোনালোকে শিক্ষিত হৈয়ো বৃদ্ধ পিতৃ-মাতৃৰো দায়িত্ব লব নোৱাৰে কিয়.?

৯৷ মই হিৰো আলম, মোৰ ভিডিঅবোৰ চাই মানুহে হাঁহে, মইয়ো সেইটোৱেই বিচাৰো হাঁহিত ফাটি পৰা অগণন মানুহৰ এখন পৃথিবী। তাতকৈ বৰ বিশেষ একো নালাগে মোক ৷৷

১০৷ মই সকলো বিধবা মাতৃ, পৰিত্যক্তা নাৰী আৰু শিশু সকলৰ হৈ কাম কৰিব বিছাৰো যাতে কোনেও মোৰ মাতৃৰ দৰে কাৰোবাৰ শাৰিৰীক মানসিক নিৰ্য্যাতনৰ  বলি হৈ কোলাত শিশু সন্তানক লৈ ৰাজপথত দিন ৰাতি কটাব নালাগে।

                     পৃথিবীখনক চোৱাৰ দৃষ্টিভংগী সলনি কৰক।  বিশ্বাস কৰা আমি সকলো সলনি কৰিব পাৰো।

Please visit my YouTube channel and subscribed
https://www.youtube.com/channel/UCqrwnaPIOQflfjc6rUW9hrQ

1 টি মন্তব্য:

Which is actually my house? Married Woman story. আচলতে মোৰ ঘৰ কোনখন আই ??

 আচলতে মোৰ ঘৰ কোনখন আই ?? পিতাইৰ ঘৰ এৰোঁতে তই কৈছিলি "দোলাত পঠাইছো চাবি আইজনী... চাৰি কান্ধত উঠিহে সেইখন ঘৰৰ পৰা ওলাবি"... পতিয়ে ক...